Friday, September 13, 2019

Materials of TET Assam 2019

Materials of TET ASSAM




বুৰঞ্জী তথ্য

প্রঃ অশোকৰ শিলালিপিবোৰ  কোন ভাষাত লিখা হৈছি ?·

উঃ প্ৰাকৃত ভাষাত।

প্রঃ গুপ্তবংশৰ ৰাজত্বকালছোৱাত মগধৰ ৰাজধানী ক’ত আছিল ?

উঃ পাটলিপুত্ৰ।

প্রঃ মগধ সাম্ৰাজ্যৰ প্রতিষ্ঠাতা  কোন ?

উঃ বিম্বিসাৰ।

প্রঃ শ্রেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন কৰিছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০  মাজত।

প্রঃ প্রাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয় ?

উঃ সিন্ধু সভ্যতা।

প্রঃ মৌৰ্য সাম্ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল ?

উঃ চন্দ্ৰগুপ্ত মৌৰ্য।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে ?

উঃ খ্ৰীষ্টপূর্ব ৩২১ চনত ।

প্রঃ মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উঃ ৩২৭ খ্ৰীষ্টপূৰ্বত।

প্রঃ  চানক্যই ৰচনা কৰা বিখ্যাত গ্রন্থখনৰ নাম কি ?

উঃ অৰ্থশাস্ত্ৰ।

প্রঃ চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজনৰ নাম কি আছিল ?

উঃ মেগাস্থেনিচ।


প্রঃ কোনে সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল ?

উঃ উপগুপ্ত নামৰ এজন বৌদ্ধ সন্নাসীয়ে।

প্রঃ কোনে ‘শকাব্দ’ নামৰ চনৰ প্রচলন কৰিছিল ?

উঃ কণিষ্কই।

প্রঃ কণিষ্ক কোন বংশৰ লোক আছিল ?

উঃ কুষাণ বংশৰ।

প্রঃ গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ  ‘নেপোলিয়ন’ বুলি কোৱা হয় ?

উঃ সমুদ্ৰগুপ্ত।

প্রঃ ভাৰতৰ কোনজন ৰজাই ‘বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?

উঃ দ্বিতীয় চন্দ্ৰগুপ্ত।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয় ?

উঃ গুপ্ত যুগক।

প্রঃ কোনজন চীনা পৰিব্রাজক  হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল ?

উঃ হিউৱেন-চাং।

প্রঃ ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আবাসিক আন্তঃৰাষ্ট্রীয়  বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয় ?

উঃ নালন্দা বিশ্ববিদ্যালয়।

প্রঃ ভাৰতত কেতিয়া ‘বিক্ৰমী যুগ’ আৰম্ভ হয় ?

উঃ খ্ৰীষ্টপূৰ্ব ৫৮।

প্রঃ কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল ?

উঃ খ্ৰীষ্টপূৰ্ব ৪৮৭।

প্রঃ কোনে ভাৰতত পাল বংশ প্রতিষ্ঠা কৰে ?

উঃ ৰজা গোপালে।

প্রঃ গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰত আক্ৰমণ কৰিছিল ?

উঃ  শূূণ জাতিয়ে।

প্রঃ গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি ?

উঃ অজন্তা গুহা চিত্ৰ।

প্রঃ ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ বুলি কোৱা হয় ?

উঃ  গুপ্তযুগক।

প্রঃ ভাৰতৰ প্রাচীনতম ৰাজবংশটোৰ নাম কি ?

উঃ মৌৰ্য বংশ।

প্রঃ গুপ্ত যুগত ভাৰতত কোন ধৰ্মই  প্ৰভাৱ বিস্তাৰ   কৰিছিল ?

উঃ হিন্দু ধৰ্ম।

প্রঃ কোনজন ভাৰত শাসকক ‘অমিত্ৰঘাত’ (শত্ৰুনিধক) আখ্যা দিয়া হৈছে ?

উঃ বিন্দুসাৰ।

প্রঃ মহেঞ্জোদাৰো ক’ত অৱস্থিত ?

উঃ পাকিস্থানৰ সিন্ধু প্ৰদেশত।


প্রঃ কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্রচলন হয় ?

উঃ গুপ্ত বংশ।

প্রঃ তৰাইনৰ প্রথম যুদ্ধ কিমান চনত হৈছিল ?

উঃ ১১৯১ খ্ৰীষ্টাব্দত।

প্রঃ তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?

উঃ ১১৯২ খ্রিষ্টাব্দত ।

প্রঃ চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল ?

উঃ চেলিউকছ।

প্রঃ বুদ্ধদেৱে সর্বপ্রথম  ধৰ্মোপদেশ ক’ত দিছিল ?

উঃ ‘সাৰনাথ’ নামে ঠাইত।

প্রঃ ‘তৰাইনৰ যুদ্ধ’ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উঃ পৃথিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

প্রঃ কেতিয়া ভাৰতৰ ইতিহাসত মধ্য যুগ আৰম্ভ হোৱা বুলি কোৱা  হয় ?

উঃ ১২০৬ খ্ৰীষ্টাব্দত, কুতুবুদ্দিন আইবাকে দাস বংশ প্রতিষ্ঠা কৰাৰ লগে লগে।

প্রঃ ভাৰতত কোনে দাস বংশ প্রতিষ্ঠা কৰিছিল ?

উঃ কুতুবুদ্দিন আইবাকে।

প্রঃ কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা ৰাজবংশটোক কিয় ‘দাস’ বংশ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ এজন দাস আছিল বাবে  তেওঁ স্থাপন কৰা ৰাজবংশক ইতিহাসত ‘দাস বংশ’ বুলি কোৱা হয়।

প্রঃ কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল ?

উঃ ৪ বছৰ।

প্রঃ দাস বংশৰ কোনজন চুলতানক ‘লাখ বক্স’ বুলি কোৱা হয় ?

উঃ কুতুবুদ্দিন আইবাকক ‘লাখবক্স’ বুলি কোৱা হৈছিল কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল।

প্রঃ ইতিহাস প্রসিদ্ধ ‘কুতুব মিনাৰ’ৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰে আৰু কোনে সমাপ্ত কৰে ?

উঃ কুতুবমিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে ইলতুৎমিচে।

প্রঃ কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল ?

উঃ ইলতুৎমিছ কুতুবুদ্দিনৰ জোঁৱায়েক আছিল।

প্রঃ দাস বংশৰ শ্রেষ্ঠ  চুলতান (ৰজা) জন কোন আছিল ?

উঃ ইলতুৎমিছ।
প্রঃ কুতুবুদ্দিনৰ পিছত কোনে দিল্লীৰ সিংহাসনত  বহে ?

উঃ কুতুবুদ্দিনৰ পুত্ৰ আৰাম ছাহ।

প্রঃ দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি ?

উঃ ইলতুৎমিছ।

প্রঃ কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই ‘চুলতান-ই- আলম’ উপাধি প্রদান কৰিছিল ?

উঃ ইলতুৎমিছক ।

প্রঃ ভাৰতত কোনে সর্বপ্রথম ৰূপৰ আৰু তামৰ মুদ্ৰা প্রচলন কৰে ?

উঃ ইলতুৎমিছে।

প্রঃ সিন্ধু উপত্যকাৰ সভ্যতা ধবংশ হোৱাৰ প্রধান কাৰণ কি আছিল ?

উঃ বানপানী আৰু ধুমুহা।

No comments:

Post a Comment

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...