Monday, December 30, 2019
Monday, November 18, 2019
বিপৰীতাৰ্থক অৰ্থ বুজোৱা শব্দ
বিপৰীতাৰ্থক অৰ্থ বুজোঁৱা শব্দ
আকাশ – পাতাল ৷
২. আকাৰ – নিৰাকাৰ ৷
৩. অধীন – মুক্ত, স্বাধীন ৷
৪. অতিবৃষ্টি – অনাবৃষ্টি ৷
৫. অলপ – বেছি ৷
৬. অমৃত – গৰল ৷
৭.অভ্যাস – অনভ্যাস ৷
৮. অভাৱ – উভৈনদী ৷
৯. অনুৰাগ – বিৰাগ ৷
১০. অনুকূল – প্ৰতিকূল ৷
১১. অধম – উত্তম ৷
১২.আচল – নকল ৷
১৩. আচাৰ – অনাচাৰ ৷
১৪. আগ –পাছ ৷
১৫. আপদ – বিপদ ৷
১৬. আপোন – পৰ ৷
১৭. আধুনিক – প্ৰাচীন ৷
১৮. আন্ধাৰ – পোহৰ ৷
১৯. আনন্দ – বিষাদ ৷
২০. আৱাহন – বিসৰ্জন ৷
২১. আনন্দ – বিষাদ, নিৰানন্দ ৷
২২. আহাৰ – অনাহাৰ ৷
২৩. আৰম্ভ – সমাপ্ত ৷
২৪. আশা – নিৰাশা ৷
২৫. আশীৰ্বাদ – অভিশাপ ৷
২৬. অগমন – প্ৰত্যাগমন ৷
২৭. আগ – পাছ ৷
২৮. আচাৰ – অনাচাৰ ৷
২৯. অভ্যাস – অনভ্যাস ৷
৩০. আয় – ব্যয় ৷
৩১. আয়তী – বিধবা ৷
৩২. আস্থা – অনাস্থা ৷
৩৩. আস্তিক – নাস্তিক ৷
৩৪. আদি – অন্ত ৷
৩৫. আপোচ – বিৰোধ ৷
৩৬. আকৰ্ষণ – বিকৰ্ষণ ৷
৩৭.আৰোহন – অৱৰোহন ৷
৩৮. আৱশ্যক – অনাৱশ্যক ৷
৩৯. ইচ্ছা – অনিচ্ছা ৷
৪০. ইয়াত – তাত ৷
৪১. ইহলোক – পৰলোক ৷
৪২. ইহজন্ম – পৰজন্ম ৷
৪৩. উচ্চ – নীচ ৷
৪৪. উত্তম – অধম ৷
৪৫. উত্তৰ – প্ৰশ্ন, প্ৰত্যুত্তৰ ৷
৪৬.উন্নতি – অৱনতি ৷
৪৭. উথ্থান – পতন ৷
৪৮. উপকাৰ – অপকাৰ ৷
৪৯. উত্তীৰ্ণ – অনুত্তীৰ্ণ ৷
৫০. উপযুক্ত – অনুপযুক্ত ৷
৫১. উদয় – অস্ত ৷
৫২. উৰ্বৰ – অনুৰ্বৰ ৷
৫৩. উপস্থিত – অনুপস্থিত ৷
৫৪. উন্নত – অনুন্নত ৷
৫৫. উৎসাহ – নিৰুৎসাহ ৷
৫৬. ঊৰ্ধ্ব – অধ: ৷
৫৭. ওখ – চাপৰ ৷
৫৮. ওচৰত – দূৰত ৷
৫৯. ওপৰত – তলত ৷
৬০. ক’লা – বগা ৷
৬১. কঠিন – কোমল ৷
৬২. কপট – অকপট ৷
৬৩. কনিষ্ঠ – জ্যেষ্ঠ ৷
৬৪. কুটিল – সৰল ৷
৬৭. কৃত্ৰিম – অকৃত্ৰিম ৷
৬৮. খাদ্য – অখাদ্য ৷
৬৯. খাল – বাম ৷
৭০. খীন – শকত ৷
৭১. খোলা – বন্ধ ৷
৭২. গুণ – দোষ ৷
৭৩. গুৰু – শিষ্য ৷
৭৪. গধুৰ – পাতল ৷
৭৫. গহীন – চঞ্চল ৷
৭৬. গমন – আগমন ৷
৭৭. গাঁও – নগৰ ৷
৭৮. গোপন – প্ৰকাশ ৷
৭৯. ঘৰচীয়া – বনৰীয়া ৷
৮০. ঘাত – প্ৰতিঘাত ৷
৮১. চেঁচা – গৰম ৷
৮২. চেতন – অচেতন ৷
৮৩. চিনাকি - অচিনাকি ৷
৮৪. চহকী – দুখীয়া ৷
৮৫. চঞ্চল – স্থিৰ ৷
৮৬. জটিল – সৰল ৷
৮৭. জনা – নজনা ৷
৮৮. জয় – পৰাজয় ৷
৮৯. জন্ম – মৃত্যু ৷
৯০. জাৰ – জহ ৷
৯১. জীৱন – মৰণ ৷
৯২. জ্ঞানী – অজ্ঞানী ৷
৯৩. টোপনি – উজাগৰ ৷
৯৪. ডাঠ – পাতল ৷
৯৫. ডেকা – বুঢ়া ৷
৯৬. ডাঙৰ – সৰু ৷
৯৭. তৰুণ – বৃদ্ধ ৷
৯৮. তিৰস্কাৰ – পুৰস্কাৰ ৷
৯৯. তপত – চেঁচা ৷
১০০. তাপ – শীতল ৷
- দান – প্ৰতিদান ৷
- দৃশ্য – অদৃশ্য ৷
- দিন – ৰাতি ৷
- দক্ষিণ – বাওঁ, উত্তৰ ৷
- দয়ালু – নিষ্ঠুৰ ৷
- দাতা – কৃপণ ৷
- দীৰ্ঘ – হ্ৰস্ব ৷
- দীঘল – চুটি ৷
- দীঘ – বাণি ৷
- দেৱতা – অসুৰ ৷
- দ্ৰুত – মন্থৰ ৷
- ধনী – দুখীয়া ৷
- ধৰ্ম – অধৰ্ম ৷
- ধাৰ্মিক – অধাৰ্মিক ৷
- নতুন – পুৰণি ৷
- নিৰ্ভীক – ভীৰু ৷
- নিৰ্মল – মলিন ৷
- নিৰাকাৰ – সাকাৰ ৷
- নিৰাপদ – বিপদজনক ৷
- নিৰ্দোষী – দোষী ৷
- নিত্য – অনিত্য ৷
- ন্যায় – অন্যায় ৷
- পণ্ডিত – মূৰ্খ ৷
- পৰিশ্ৰমী – এলেহুৱা ৷
- পৰিস্কাৰ – অপৰিস্কাৰ ৷
- পবিত্ৰ – অপবিত্ৰ ৷
- পুণ্য – পাপ ৷
- পৰিমিত – অপৰিমিত ৷
- প্ৰভু – ভৃত্য ৷
- পুৱা – গধূলি ৷
- পূৱ – পশ্চিম ৷
- প্ৰাচ্য – পাশ্চাত্য ৷
- প্ৰাচীন – অৰ্বাচীন, নবীন ৷
- প্ৰবেশ – প্ৰস্থান ৷
- প্ৰবৃত্তি – নিবৃত্তি ৷
- প্ৰকৃত – কাল্পনিক ৷
- প্ৰতেক্ষ – পৰোক্ষ ৷
- প্ৰশ্ন – উত্তৰ ৷
- প্ৰকাশ – অপ্ৰকাশ , গোপন ৷
- প্ৰেৰণা – নিৰুৎসাহ ৷
- বিধি – নিষেধ ৷
- বাদী – বিবাদী, প্ৰতিবাদী ৷
- ব্যৰ্থ – সাৰ্থক ৷
- বন্ধু – শত্ৰু ৷
- বাদ –প্ৰতিবাদ ৷
- বিষ – অমৃত ৷
- বিস্তৃত – সংক্ষিপ্ত ৷
- বিনীত – গৰ্বিত ৷
- বগা – ক’লা ৷
- বিশ্বাসী – বিশ্বাসঘাতক ৷
- বিদ্যা – অবিদ্যা ৷
- বিৰহ – মিলন ৷
- বিনয় – গৰ্ব ৷
- বৈধ – অবৈধ ৷
- ভাল – বেয়া ৷
- ভক্তি – ঘৃণা ৷
- মান – অপমান ৷
- মানুহ – পিশাচ, পশু ৷
- মিলন – বিৰহ ৷
- মিত্ৰ – শত্ৰু ৷
- মুখ্য – গৌণ ৷
- মিঠা – তিতা ৷
- মৃদু – তীব্ৰ ৷
- যত্ন – অযত্ন, আওকাণ ৷
- যশ – অপযশ ৷
- যোগ – বিয়োগ ৷
- ৰূদ্ধ – মুক্ত ৷
- ৰজা – প্ৰজা ৷
- ৰোগী – নিৰোগী ৷
- লঘু – গুৰু ৷
- লাভ – লোকচান, ক্ষতি ৷
- লোভ – উদাস, নিৰ্লোভ ৷
- শীত – গ্ৰীষ্ম ৷
- শুকান – তিতা ৷
- শোক – আনন্দ ৷
- শিষ্ট – অশিষ্ট ৷
- শুভ – অশুভ ৷
- সভ্য – অসভ্য ৷
- সহ্য – অসহ্য ৷
- সৎ - অসৎ ৷
- সহযোগ – অসহযোগ ৷
- সঁচা – মিছা ৷
- সুখ্যাত – কুখ্যাত, অখ্যাত ৷
- সুখ্যাতি – কুখ্যাতি, অখ্যাতি ৷
- স্বাধীন – পৰাধীন ৷
- সৰল – জটিল ৷
- সাধু – অসাধু ৷
- সজীৱ – নিৰ্জীৱ ৷
- সশ্ৰম – বিনাশ্ৰম ৷
- সঞ্চয় – অপচয় ৷
- সন্মান – অসন্মান ৷
- সধৱা – বিধৱা ৷
- সদয় – নিৰ্দয় ৷
- সংযোগ – বিয়োগ ৷
- স্পষ্ট – অস্পষ্ট ৷
- স্বৰ্গ – নৰক, মৰ্ত ৷
- স্থাৱৰ – অস্থাৱৰ ৷
- সুলভ – দুৰ্লভ ৷
- সুশ্ৰী – কুশ্ৰী, বিশ্ৰী ৷
- সুগন্ধ – দুৰ্গন্ধ ৷
- সৃষ্টি – প্ৰলয়, ধ্বংস ৷
- স্থিৰ – অস্থিৰ ৷
- হৰ্ষ – বিষাদ ৷
- হ্ৰাস – বৃদ্ধি ৷
- হৰণ – পূৰণ ৷
- হিংসা – অহিংসা ৷
- স্থূল – সূক্ষ্ম ৷
- ক্ষুদ্ৰ – বৃহৎ ৷
- ক্ষমা – প্ৰতিশোধ ৷
Wednesday, October 30, 2019
মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী
জীৱন জয়ত সহায়ক ৰূপত কেইটামান মহৎ লোকৰ বাণী-
ভূল ত্ৰুটি হলে শুধৰাই দিব বুলি আশা
ৰাখিলো ।
১. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। --ৰবীন্দ্ৰনাথ ঠাকুৰ
২. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে --হজৰত মহম্মদ
৩. শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব । --সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ
৪. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।----ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
৫. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । ----মহাত্মা গান্ধী
৬.নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।----স্বামী বিবেকানন্দ
৭. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । ---বুদ্ধদেৱ
৮. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা----সৰ্বপল্লী ৰাধাকৃষ্ণণ
৯. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । ----মহাত্মা গান্ধী
১০. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । ----মহাত্মা গান্ধী
FOR Assamese solved questions answer CLICK HERE
১১. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে |----বুদ্ধদেৱ
১২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । ----মহাবীৰ
১৩. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। ----লক্ষ্মীনাথ বেজবৰুৱা
১৪. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । ----আব্ৰাহাম লিংকন
১৫. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । -------সৰ্ব্বপল্লী ৰাধাকৃষ্ণন
১৬. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। -----চক্ৰেটিছ
১৭. দেশতকৈ মোমাই ডাঙৰ নহয়।----
লাচিত বৰফুকন
১৮. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । ---হজৰত মহম্মদ
১৯. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। ----মাইলচ
২০. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । -----ভল্টেয়াৰ
২১. সুখ কাৰো চিৰকলীয়া নহয় ।-----
কমলাকান্ত ভট্টাচাৰ্য্য
২২. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । -----ৰুছো
২৩. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । যীশুখৃীষ্ট
২৪. শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
------জাকিৰ হুচেইন
২৫. সত্যৰ সদায় জয় । ------মহাত্মা গান্ধী
২৬. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।------বুদ্ধদেৱ
২৭. সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।-------
চন্দ্ৰ কুমাৰ আগৰৱালা
২৮. চুৰ কৰা মহাপাপ । ------বুদ্ধদেৱ
২৯. নেতাৰ ভূলত দেশ ধ্বংস হয় । ------ইন্দিৰা গান্ধী
৩০. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । ------ফ্ৰেংকলিন
৩১. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । ----মহাত্মা গান্ধী
৩২. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । ----সত্যনাথ বৰা
৩৩. উপদেশতকৈ আৰ্হি ভাল । -----হজৰত মহম্মদ
৩৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । -----মহাত্মা গান্ধী
৩৫. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । ------নেপলিয়ন
৩৬. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । -----শ্বেক্সপীয়েৰ
৩৭. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । ---হেম বৰুৱা
৩৮. শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ।------ চক্ৰেটিছ
৩৯. আনক কোৱাতকৈ নিজে কৰাটো ভাল । ----ব্ৰাউন্ড ৰাছেল
৪০. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । ------হজৰত মহম্মদ
৪১. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । --------শংকৰদেৱ
৪২. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান ।------ হোমাৰ
৪৩. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । --------মহাত্মা গান্ধী
৪৪. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী ।-----ডঃ বানীকান্ত কাকতি
৪৫. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা ।-------যীশুখৃীষ্ট
৪৬. জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য ।------ নীলমণি ফুকন
৪৭. পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে । --------জৱাহৰলাল নেহৰু
৪৮. যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।------ডঃ বানীকান্ত কাকতি
৪৯. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । ------হেম বৰুৱা
৫০. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে ।------ ভল্টেয়াৰ
৫১. ভূল জনাতকৈ নজনাই ভাল ।------ শ্বেক্সপীয়েৰ
৫২. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । --------প্লেটো
৫৩. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । ---------মহাত্মা গান্ধী
৫৪. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।-------এ. পি. জে. আব্দুল কালাম
৫৫. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই ।------- উইলিয়াম জেমছ
৫৬. পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা । -------ৰামকৃষ্ণ পৰমহংস
৫৭. মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ । ------গুৰুনানক
৫৮. অহিংসা পৰম ধৰ্ম । ------মহাত্মা গান্ধী
৫৯. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । -------নেপোলিয়ন
৬০. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । -------ৰাজা ৰামমোহন ৰায় ।

Friday, October 25, 2019
Assamese solved question answer
Assamese solved question answer::
১ ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?
উত্তৰ : ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।
২) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ : খ্ৰীষ্ট্ৰীয় দশম-একাদশ শতিকা মানত।
৩) প্ৰশ্ন : অসমৰ পুৰণি নামটি কি?
উত্তৰ : কামৰূপ (প্ৰাগজ্যোতিষপুৰ)
For Pedagogy Click here
৪) প্ৰশ্ন : প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উত্তৰ : মাধৱ কন্দলি।
৫) প্ৰশ্ন : মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?
উত্তৰ : ৰাম সৰস্বতী।
৬) প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ : ভট্টদেৱ।
৭) প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ : পদ্মাৱতী দেৱফুকননী।
For English Click here
৮) প্ৰশ্ন : প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ : ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।
৯) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?
উত্তৰ : “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।
১০) প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?
উত্তৰ : Oxford English Dictionary.
১১) প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?
উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।
১২) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।
১৩) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?
উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।
১৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)
১৫) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?
উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।
১৬) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।
১৭) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ : আনন্দৰাম বৰুৱা।
১৮) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ : পাৰুল দাস (১৯৭৪ চন)
১৯) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।
২০) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : শ্ৰীধৰ কন্দলি।
২১) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ : সান্দিপনী।
২২) প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।
২৩) প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ : “পাদশিলা”।
২৪) প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।
২৫) প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।
২৬) প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)
২৭) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?
উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।
২৮) প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : সূৰ্য কুমাৰ ভূঞা।
২৯) প্ৰশ্ন : কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?
উত্তৰ : ১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।
৩০) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?
উত্তৰ : জ্যোতি ভাৰতী।
৩১) প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?
উত্তৰ : প্ৰিয়লতা দত্ত।
৩২) প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’
উত্তৰ : হীৰেণ ভট্টাচাৰ্য।
৩৩) প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?
উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।
৩৪) প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?
উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।
৩৫) প্ৰশ্ন : ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?
উত্তৰ :চন্দ্ৰকুমাৰ আগৰৱালা।
৩৬) প্ৰশ্ন : প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।
৩৭) প্ৰশ্ন : অ. ভা. উ. সা. সভা বুলিলে কি বুজা?
উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।
৩৮) প্ৰশ্ন : বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্শ কোন?
উত্তৰ : ড° অমৰজ্যোতি চৌধুৰী।
৩৯) প্ৰশ্ন : ২০০৭ চনত চাপৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?
উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)
৪০) প্ৰশ্ন : ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।
৪১) প্ৰশ্ন : ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : ৰতন থিয়াম।
৪২) প্ৰশ্ন : ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।
৪৩) প্ৰশ্ন : আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”।
৪৪) প্ৰশ্ন : অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ : অষ্ট্ৰিক জাতি।
৪৫) প্ৰশ্ন : বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?
উত্তৰ : ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।
৪৬) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?
উত্তৰ : লক্ষ্মীনথ বেজবৰুৱা।
৪৭) প্ৰশ্ন : অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
উত্তৰ : ‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক – কৰুনাভিৰাম বৰুৱা।
৪৮) প্ৰশ্ন : ২০০৪ চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাইহত্যিক গৰাকী কোন?
উত্তৰ : হীৰেন্দ্ৰ নাথ দত্ত (গ্ৰন্থ : মানুহ অনুকূলে)।
৪৯) প্ৰশ্ন : ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?
উত্তৰ : লতা মংগেশকাৰ।
৫০) প্ৰশ্ন : ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।
৫১) প্ৰশ্ন : ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?
উত্তৰ : মৃত্যুঞ্জয়।
৫২) প্ৰশ্ন : অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ : অৰুণোদয় (১৮৪৬) সম্পাদক – ড° নাথান ব্ৰাউন।
৫৩) প্ৰশ্ন : কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?
উত্তৰ : ৰেৱতী মোহন দত্ত চৌধুৰী।
৫৪) প্ৰশ্ন : সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ : বনফুল (১৯৫২), যতীন্দ্ৰ নাথ দুৱাৰা।
৫৫) প্ৰশ্ন : তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰিজীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন?
উত্তৰ : ৰজনী কান্ত বৰদলৈ।
৫৬) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?
উত্তৰ : সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।
৫৭) প্ৰশ্ন : বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?
উত্তৰ : দহিকতৰা আৰু কেতেকী।
৫৮) প্ৰশ্ন : ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উত্তৰ : নীলা বাইদেউ।
৫৯) প্ৰশ্ন : অসম সাহিত্য সভাৰ সভানেত্ৰী পদয় অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। ‘অলকানন্দা’ গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। কি নাম আছিল তেওঁৰ?
উত্তৰ : নলিনী বালা দেৱী।
৬০) প্ৰশ্ন : “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?
উত্তৰ : সত্যনাথ বৰাৰ।
৬১) প্ৰশ্ন : হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে?
উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়।
৬২) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ : মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।
৬৩) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?
উত্তৰ : গঙ্গাধৰ কায়স্থ।
৬৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?
উত্তৰ : চতুৰ্দশ শতিকাত ৰচিত হেমসৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’।
৬৫) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?
উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)
৬৬) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?
উত্তৰ : হেমচন্দ্ৰ গোস্বামী (প্ৰিয়তমাৰ চিঠি)
৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখন কি?
উত্তৰ : ‘অপদাৰ্থ (নৱকান্ত বৰুৱা ৰচিত)
৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখনৰ সম্পাদিকা কোন আছিল?
উত্তৰ : ১৯২৮ চনত প্ৰকাশিত – ঘৰজেউতি; সম্পাদিকা – কনকলতা চলিহা আৰু কমলালয়া কাকতি।
৬৯) প্ৰশ্ন : গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?
উত্তৰ : কুলেন্দু পাঠক সম্পাদিত ‘জিজ্ঞাস’।
৭০) প্ৰশ্ন : প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?
উত্তৰ : ‘প্ৰভাত’ (১৯১৫ চনত)। যোৰহাট নৰ্মাল স্কুলৰ পৰা।
৭১) প্ৰশ্ন : অসম সাহিত্য সভাৰ মিলেনিয়াৰ (২০০০ চন) প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হয়? অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ : ডিব্ৰুগড়ত; হোমেন বৰগোহাঞি।
ভাৰতীয় সাহিত্য
৭২) প্ৰশ্ন : “সীমাৰ মাঝে অসমী তুমি
বাজাও আপোন সুৰ
আমাৰ মাঝে তোমাৰ প্ৰকাশ
তাই এত মধুৰ”। - এই কবিতাফাঁকি কোন কবিৰ।
উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।
৭৩) প্ৰশ্ন : “আইন-ই আকবৰী” কাৰ ৰচনা?
উত্তৰ : অবুল ফজলৰ।
৭৪) প্ৰশ্ন : মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ : ইণ্ডিয়া উইনছ্ ফ্ৰিডম।
৭৫) প্ৰশ্ন : মেঘদূত কি?
উত্তৰ : মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক।
৭৬) প্ৰশ্ন : ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?
উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসু।
৭৭) প্ৰশ্ন : খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ : হিব্ৰু ভাষাত
৭৮) প্ৰশ্ন : আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?
উত্তৰ : বেদ।
৭৯) প্ৰশ্ন : “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?
উত্তৰ : নিউ ইণ্ডিয়া নিউজ।
৮০) প্ৰশ্ন : সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?
উত্তৰ : মহাকবি বাল্মীকিয়ে।
৮১) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ : আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)
৮২) প্ৰশ্ন : ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ : “বেংগল গেজেট” (১৭৮০ চনৰ ২৯ জানুৱাৰী)
৮৩) প্ৰশ্ন : বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?
উত্তৰ : কলহনৰ ৰাজ তৰংগিনী।
৮৪) প্ৰশ্ন : কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাতৰত বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে?
উত্তৰ : নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।
৮৫) প্ৰশ্ন : কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?
উত্তৰ : সুচেতা কৃপালনি।
৮৮) প্ৰশ্ন : কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?
উত্তৰ : গীতাঞ্জলি।
See more Click here
Collection from different source
Subscribe to:
Posts (Atom)
SOP for Education department of Assam w.e.f 1st January,2021
SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...
-
Assam TET English paper question answer 1. "Language acquisition can be automatically attained" this statement is favour...
-
Advertisement The Central Board of Secondary Education (CBSE) has announced the CBSE class 12 board exam results on its official w...
-
Advertisement Message from The Vice Chancellor of Gauhati University to students on Examination for Semester Completion and Deg...