Tuesday, October 1, 2019

লোকচান হ'ব নেকি আপোনাৰ জানিবলৈ চাওক সবিশেষ তথ্য


সলনি হৈছে কিছুমান বিশেষ নিয়ম সবিশেষ চাওক👇👇



এই ১১বিধ সামগ্ৰীৰ সলনি হৈছে নিয়ম জানি লওঁক লোকচান নহ’বলৈ সবিশেষ বিতংকৈ চাওক👇👇👇
   

আজিৰে পৰা সমগ্ৰ দেশতে বহুকেইটা নতুন নিয়ম বলৱৎ হ’বলৈ গৈ আছে । বহুকেইটা নিয়ম সলনি হৈছে  যাৰ পোণপটীয়া প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিব বুলি আশংকা কৰা হৈছে। শেহতীয়া তথ্য তথা  অক্টোবৰত কেবাটাও বিত্তীয় পৰিৱৰ্তন হোৱাৰ বাবেই  যাৰ প্ৰভাৱ আপোনাৰ পকেটত বাৰুকৈ পৰিব পাৰে। সেয়েহে জানি লওঁক সবিশেষ তথ্য👇👇👇👇👇👇👇👇




১) ফাণ্ডিঙৰ বিৰুদ্ধে শ্বেয়াৰ ট্ৰান্সফাৰত বাধাঃ 
           একাংশ প্ৰম’টাৰে ফাণ্ডিঙৰ বিৰুদ্ধে শ্বেয়াৰ ট্ৰান্সফাৰত বাধা দিবলৈ নিজৰ ফাণ্ডিং এনবিএফচিৰ ওচৰত নিজৰ শ্বেয়াৰ তেওঁলোকৰ ডিমেটত দি ফাণ্ডিং লৈ লৈছিল। কিন্তু এতিয়া নিয়ম অনুসৰি এয়া নচলিব।ফাণ্ডিঙৰ বিৰুদ্ধে চেবি (SEBI) য়ে শ্বেয়াৰ ট্ৰান্সফাৰত বাধা আৰোপ কৰিছে যি নিয়ম আজিৰ পৰা প্ৰযোজ্য হ’ব।



২) সলনি হ'ব ড্ৰাইভিং লাইচেঞ্চৰ নিয়ম ::- 
                   কেইদিনমান আগতে সলনি হোৱা যান–বাহন নিয়মৰ লগতে আকৌ  আজিৰে পৰা আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ সলনি হৈছে। শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰ চৰকাৰে ড্ৰাইভিং লাইচেঞ্চৰ নিয়মৰ সাল–সলনি কৰিবলৈ গৈ আছে। এই  নতুন নিয়ম আজিৰে পৰা সম্পূৰ্ণ দেশত  বলৱৎ কৰা হ’ব। ইয়াৰ পিছত আপুনি নিজৰ ড্ৰাইভিং লাইচেঞ্চ আপডেট কৰিব লাগিব। দৰাচলতে গাড়ী চলাবলৈ হ'লে গাড়ীৰ আৰ চি ৰ সৈতে ড্ৰাইভিং লাইচেঞ্চ আইনগত ভাৱে জৰুৰী। এতিয়া দুয়োটাৰেই ৰং আৰু ৰূপ সলনি হ’ব বুলি জনা গৈছে।





৩) বহুতো সামগ্ৰীৰ GST কৰ হ্ৰাসঃ- 
               সদ্যহতে অনুষ্ঠিত হোৱা ৩৭ সংখ্যক GST কাউন্সিলৰ বৈঠকত কেবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। এই বৈঠকত বহুকেইবিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস কৰা হৈছে। জি.এছ.টি. কাউন্সিলৰ বৈঠকত আটাইতকৈ বেছি  সকাহ পাইছে হোটেল ইণ্ডাষ্ট্ৰীয়ে পাইছে। এতিয়াৰে পৰা ১০০০টকীয়া ভাৰাৰ কোঠাত কোনো কৰ প্ৰযোজ্য নহয়,১০০০টকাৰ পৰা  ৭৫০০টকালৈকে ভাৰাৰ কোঠালীৰ বাবদ  মাত্ৰ ১২শতাংশ জিএছটি কৰ দিলেই হ’ব। 
এই বৈঠকত ১০ৰ পৰা ১৩ছীটলৈকে পেট্ৰ’ল–ডিজেলৰ বাহনত বিক্ৰীকৰ জিএছটি কাউন্সিলে উঠাই লৈছে। আনহাতে জিপৰ ওপৰত জি.এছ.টি. ১২শতাংশ দিব লাগিব।

৪) ভাৰতীয় ষ্টেট বেংকে  বিনামূলীয়াকৈ দিব এই সমূহ সামগ্ৰী::--
            SBI ৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন মান্থলী Average Balance  লৈ হৈছে। এছবিআই–এ ঘোষণা কৰা অনুসৰি মাহেকত নূন্যতম ধন জমা নকৰাৰ ক্ষেত্ৰত যি charge লোৱা হয় তাৰ পৰিমান ৮০শতাংশলৈ ক’ম কৰা হ’ব। চহৰত নূন্যতম জমা ধন ৫০০০টকাৰ পৰা কমাই ৩০০০ টকা কৰি দিয়া হৈছে। নতুন নিয়মৰ কাৰণে যদিহে কোনো গ্ৰাহকে নিজৰ একাউণ্টত ৩০০০ টকা নূন্যতম জমা ধন ৰাখিব নোৱাৰে আৰু যদিহে তেওঁৰ টকাৰ পৰিমাণ হ্ৰাস পাই ১৫০০ টকা হৈ পৰে তেনেহ’লে তেওঁৰ পৰা ১০টকা charge আৰু জি.এছ.টি (নিয়ম অনুসৰি) কাটি লোৱা হ’ব।




৫) ৮.৩৫শতাংশ হাৰত OBCৰ পৰা ৰেপ’ ৰেট লিংকড ৰিটেল লোন পাব:-
               অৰিয়েণ্টেল বেংক অৱ কমাৰ্চে ৰেপ’ ৰেটৰ সৈতে লিংকড নতুন ৰিটেল তথা MSE লোন প্ৰডাক্ট প্ৰৱৰ্তন কৰিছে। আজিৰে পৰা এই লোণ উপলব্ধ হ’ব। MSE আৰু ৰিটেল লোনৰ অধীনত Oriental Bank of Commerce–এ দিয়া সকলো নতুন ফ্লটিং ৰেট লোন ৰেপ’ ৰেটৰ সৈতে সম্পৰ্কিত সুতৰ হাৰত পাব। এই নতুন প্ৰডাক্টছৰ Repo Rateৰ সৈতে লিংকড হোম লোনৰ সুতৰ হাৰ ৮.৩৫শতাংশৰ পৰা হ’ব। আনহাতে MSEৰ লোনৰ সুতৰ হাৰ ৮.৬৫% ৰ পৰা আৰম্ভ হ’ব।



৬) পেট্ৰ’ল–ডিজেল ক্ৰয় কৰিলে Cashbank::-
            SBI ক্ৰেডিট কাৰ্ডৰ পৰা পেট্ৰ’ল–ডিজেল ক্ৰয় কৰিলে পাই অহা Cashback এতিয়া আপুনি নাপায়। SBI ক্ৰেডিট কাৰ্ডে নিজৰ গ্ৰাহকক মেচেজ পঠিয়াই অৱগত কৰিছে যে ১ অক্টোবৰৰ পৰা এই সেৱা বন্ধ কৰি দিয়া হ’ব। আপোনাক জনাও যে, ইয়াৰ আগতে SBI  ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পেট্ৰল,ডিজেল ক্ৰয় কৰিলে আগতে গ্ৰাহকে ০.৭৫% একাউণ্টত ঘূৰাই পাইছিল কিন্তু এতিয়াৰ পৰা এই নিয়ম HPCL, BPCL আৰু IOC–এ এই আঁচনি বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে।


৭)কৰ্পৰেট কৰৰ হাৰ কৰ্তন::-
                   যোৱা বছৰ ২০ডিচেম্বৰ মাহত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্পৰেট কৰৰ কৰ্তন ঘোষণা কৰি ৩০শতাংশ হ্ৰাস কৰি ২২শতাংশ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতীয় কোম্পানীয়ে ৩০শতাংশ কৰৰ বাহিৰে চাৰচাৰ্জ দিবলগীয়া হৈছিল। আনহাতে বিদেশী কোম্পানীয়ে ৪০শতাংশ কৰ দিয়াৰ লগতে চাৰচাৰ্জ দিবলগীয়া হৈছিল। আজিৰে পৰা মেনুফেকচাৰিং কোম্পানীৰ ওচৰত ১৫শতাংশ টেক্স দিয়াৰ বিকল্প থাকিব। ইয়াৰ বাহিৰে এই কোম্পানীসমূহে চাৰচাৰ্জ আৰু টেক্স সহ মুঠ পৰিমান ১৭.০১শতাংশ হব।

৮) পেঞ্চন পলিচীৰ পৰিৱৰ্তনঃ 
             কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে । এই সিদ্ধান্ত মতে কোনো কৰ্মচাৰীয়ে যদি তেওঁৰ চাকৰিৰ কাৰ্যকালৰ ৭বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ অকাল মৃত্যু হ'লে তেওঁৰ আত্মীয়সকলে পেঞ্চনৰ সুবিধা লাভ কৰিব। মোদী চৰকাৰে ইয়াৰ কাৰণে নটিফিকেশ্যন(notification) জাৰি কৰিছে। ইয়াৰ আগতে এনেদৰে মৃত্যু হোৱা কৰ্মচাৰীৰ মুঠ দৰমহাৰ ৫০শতাংশ দৰমহা হিচাপত পেঞ্চন দিয়া হৈছিল। কিন্তু এতিয়া ৭বছৰতকৈ কম সময়ৰ চাকৰি কাৰ্যকালত  কৰ্মচাৰীৰ মৃত্যু হ’লে আত্মীয়ই বৰ্ধিত পেঞ্চন পাব বুলি জানিব পৰা গৈছে।

৯) এইসমূহ সামগ্ৰীৰ জিএছটি বৃদ্ধি::-
               ৰে’ল গাড়ীৰ ডবা আৰু ৱেগনৰ ওপৰত GST কৰৰ দৰ ৫শতাংশৰ পৰা বঢ়াই ১২শতাংশ কৰা হৈছে। পেয় পদাৰ্থৰ ওপৰত থকা জি.এছ.টি বৰ্তমান ১৮শতাংশৰ পৰা বঢ়াই ২৮শতাংশ কৰা হৈছে আৰু বিক্ৰিকৰ অতিৰিক্ত ১২শতাংশ কৰা হৈছে।

১০) প্লাষ্টিক নিষিদ্ধ::-
              সমগ্ৰ দেশতে কাইলৈৰ পৰা অৰ্থাৎ ২ অক্টোবৰৰ পৰা চৰকাৰে প্লাষ্টিকৰ পৰা নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। দেশজুৰি প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত বেগ, কেপ আৰু ষ্ট্ৰ’ৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিবলৈ গৈ আছে। শেহতীয়া কৈ কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিকেৰে নিৰ্মিত ৬বিধ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। প্ৰদূষণ মুক্ত দেশ কৰিবলৈ বৰ্ধিত প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বহুতো নতুন ব্যৱসায়ৰ বাট মুকলি হ’ব তথা বহু নিবনুৱা সমস্যা সমাধান হব বুলি অনুমান কৰা হৈছে।

১১)  নগদ ধন ATM ৰ পৰা উলিওৱাৰ ক্ষেত্ৰত পৰিৱৰ্তনঃ
               অক্টোবৰ মাহৰ ১ তাৰিখৰ পৰা ATMৰ টকা উলিওৱাৰ ক্ষেত্ৰতো গ্ৰাহকৰ কাৰণে নিয়ম সলনি কৰা হৈছে। চহৰ এলেকাত ইয়াৰ পূৰ্বৰ ৬ বাৰৰ সলনি ১ অক্টোবৰৰ পৰা ১০বাৰ  টকা বিনামূলীয়াকৈ উলিয়াব পাৰিব। আন ঠাইত ১২বাৰ বিনামূলীয়াকৈ টকা withdraw কৰিব পাৰিব।

আন বহুতো নতুন নতুন তথ্য জানিবলৈ subscribe কৰক মোৰ blog




No comments:

Post a Comment

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...