Wednesday, October 30, 2019

মহৎ লোকৰ বাণী

মহৎ লোকৰ বাণী


জীৱন জয়ত সহায়ক ৰূপত কেইটামান মহৎ লোকৰ বাণী-
ভূল ত্ৰুটি হলে শুধৰাই দিব বুলি আশা
ৰাখিলো ।

১. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। --ৰবীন্দ্ৰনাথ ঠাকুৰ

২. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে --হজৰত মহম্মদ

৩. শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব । --সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ

৪. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।----ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

৫. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । ----মহাত্মা গান্ধী

৬.নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।----স্বামী বিবেকানন্দ

৭. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । ---বুদ্ধদেৱ

৮. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা----সৰ্বপল্লী ৰাধাকৃষ্ণণ

৯. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । ----মহাত্মা গান্ধী

১০. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । ----মহাত্মা গান্ধী

FOR Assamese solved questions answer CLICK HERE

১১. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে |----বুদ্ধদেৱ

১২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । ----মহাবীৰ

১৩. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। ----লক্ষ্মীনাথ বেজবৰুৱা

১৪. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । ----আব্ৰাহাম লিংকন

১৫. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । -------সৰ্ব্বপল্লী ৰাধাকৃষ্ণন

১৬. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। -----চক্ৰেটিছ

১৭. দেশতকৈ মোমাই ডাঙৰ নহয়।----
লাচিত বৰফুকন

১৮. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । ---হজৰত মহম্মদ

১৯. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। ----মাইলচ

২০. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । -----ভল্টেয়াৰ

২১. সুখ কাৰো চিৰকলীয়া নহয় ।-----
কমলাকান্ত ভট্টাচাৰ্য্য

২২. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । -----ৰুছো

২৩. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । যীশুখৃীষ্ট
২৪. শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
------জাকিৰ হুচেইন

২৫. সত্যৰ সদায় জয় । ------মহাত্মা গান্ধী

২৬. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।------বুদ্ধদেৱ

২৭. সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।-------
চন্দ্ৰ কুমাৰ আগৰৱালা

২৮. চুৰ কৰা মহাপাপ । ------বুদ্ধদেৱ

২৯. নেতাৰ ভূলত দেশ ধ্বংস হয় । ------ইন্দিৰা গান্ধী

৩০. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । ------ফ্ৰেংকলিন

৩১. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । ----মহাত্মা গান্ধী

৩২. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । ----সত্যনাথ বৰা

৩৩. উপদেশতকৈ আৰ্হি ভাল । -----হজৰত মহম্মদ

৩৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । -----মহাত্মা গান্ধী

৩৫. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । ------নেপলিয়ন

৩৬. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । -----শ্বেক্সপীয়েৰ

৩৭. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । ---হেম বৰুৱা

৩৮. শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ।------ চক্ৰেটিছ

৩৯. আনক কোৱাতকৈ নিজে কৰাটো ভাল । ----ব্ৰাউন্ড ৰাছেল

৪০. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । ------হজৰত মহম্মদ

৪১. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । --------শংকৰদেৱ

৪২. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান ।------ হোমাৰ

৪৩. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । --------মহাত্মা গান্ধী

৪৪. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী ।-----ডঃ বানীকান্ত কাকতি

৪৫. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা ।-------যীশুখৃীষ্ট

৪৬. জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য ।------ নীলমণি ফুকন

৪৭. পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে । --------জৱাহৰলাল নেহৰু

৪৮. যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।------ডঃ বানীকান্ত কাকতি

৪৯. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । ------হেম বৰুৱা

৫০. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে ।------ ভল্টেয়াৰ

৫১. ভূল জনাতকৈ নজনাই ভাল ।------ শ্বেক্সপীয়েৰ

৫২. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । --------প্লেটো

৫৩. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । ---------মহাত্মা গান্ধী

৫৪. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।-------এ. পি. জে. আব্দুল কালাম

৫৫. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই ।------- উইলিয়াম জেমছ

৫৬. পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা । -------ৰামকৃষ্ণ পৰমহংস

৫৭. মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ । ------গুৰুনানক

৫৮. অহিংসা পৰম ধৰ্ম । ------মহাত্মা গান্ধী

৫৯. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । -------নেপোলিয়ন

৬০. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । -------ৰাজা ৰামমোহন ৰায় ।


No comments:

Post a Comment