Friday, October 25, 2019

Assamese solved question answer

Assamese solved question answer::


১ ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?

উত্তৰ : ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

২) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্ট্ৰীয় দশম-একাদশ শতিকা মানত।

৩) প্ৰশ্ন : অসমৰ পুৰণি নামটি কি?

উত্তৰ : কামৰূপ (প্ৰাগজ্যোতিষপুৰ)

For Pedagogy Click here

৪) প্ৰশ্ন : প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰ : মাধৱ কন্দলি।

৫) প্ৰশ্ন : মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ : ৰাম সৰস্বতী।

৬) প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ : ভট্টদেৱ।

৭) প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ : পদ্মাৱতী দেৱফুকননী।

For English Click here

৮) প্ৰশ্ন : প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ : ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।

৯) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?

উত্তৰ : “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

১০) প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?

উত্তৰ : Oxford English Dictionary.

১১) প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?

উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

১২) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?

উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।

১৩) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?

উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

১৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

১৫) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?

উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।

১৬) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

১৭) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

১৮) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?

উত্তৰ : পাৰুল দাস (১৯৭৪ চন)

১৯) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?

উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।

২০) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : শ্ৰীধৰ কন্দলি।

২১) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?

উত্তৰ : সান্দিপনী।

২২) প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?

উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।

২৩) প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?

উত্তৰ : “পাদশিলা”।

২৪) প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

২৫) প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।

২৬) প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)

২৭) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।

২৮) প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : সূৰ্য কুমাৰ ভূঞা।

২৯) প্ৰশ্ন : কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?

উত্তৰ : ১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।

৩০) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?

উত্তৰ : জ্যোতি ভাৰতী।

৩১) প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়লতা দত্ত।

৩২) প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’

উত্তৰ : হীৰেণ ভট্টাচাৰ্য।

৩৩) প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?

উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

৩৪) প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।

৩৫) প্ৰশ্ন : ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?

উত্তৰ :চন্দ্ৰকুমাৰ আগৰৱালা।

৩৬) প্ৰশ্ন : প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

৩৭) প্ৰশ্ন : অ. ভা. উ. সা. সভা বুলিলে কি বুজা?

উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

৩৮) প্ৰশ্ন : বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্শ কোন?

উত্তৰ : ড° অমৰজ্যোতি চৌধুৰী।

৩৯) প্ৰশ্ন : ২০০৭ চনত চাপৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?

উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)

৪০) প্ৰশ্ন : ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।

৪১) প্ৰশ্ন : ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : ৰতন থিয়াম।

৪২) প্ৰশ্ন : ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

৪৩) প্ৰশ্ন : আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”।

৪৪) প্ৰশ্ন : অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?

উত্তৰ : অষ্ট্ৰিক জাতি।

৪৫) প্ৰশ্ন : বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?

উত্তৰ : ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।

৪৬) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?

উত্তৰ : লক্ষ্মীনথ বেজবৰুৱা।

৪৭) প্ৰশ্ন : অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?

উত্তৰ : ‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক – কৰুনাভিৰাম বৰুৱা।

৪৮) প্ৰশ্ন : ২০০৪ চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাইহত্যিক গৰাকী কোন?

উত্তৰ : হীৰেন্দ্ৰ নাথ দত্ত (গ্ৰন্থ : মানুহ অনুকূলে)।

৪৯) প্ৰশ্ন : ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?

উত্তৰ : লতা মংগেশকাৰ।

৫০) প্ৰশ্ন : ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

৫১) প্ৰশ্ন : ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?

উত্তৰ : মৃত্যুঞ্জয়।

৫২) প্ৰশ্ন : অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ : অৰুণোদয় (১৮৪৬) সম্পাদক – ড° নাথান ব্ৰাউন।

৫৩) প্ৰশ্ন : কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?

উত্তৰ : ৰেৱতী মোহন দত্ত চৌধুৰী।

৫৪) প্ৰশ্ন : সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ : বনফুল (১৯৫২), যতীন্দ্ৰ নাথ দুৱাৰা।

৫৫) প্ৰশ্ন : তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰিজীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন?

উত্তৰ : ৰজনী কান্ত বৰদলৈ।

৫৬) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?

উত্তৰ : সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।

৫৭) প্ৰশ্ন : বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?

উত্তৰ : দহিকতৰা আৰু কেতেকী।

৫৮) প্ৰশ্ন : ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?

উত্তৰ : নীলা বাইদেউ।

৫৯) প্ৰশ্ন : অসম সাহিত্য সভাৰ সভানেত্ৰী পদয় অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। ‘অলকানন্দা’ গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। কি নাম আছিল তেওঁৰ?

উত্তৰ : নলিনী বালা দেৱী।

৬০) প্ৰশ্ন : “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?

উত্তৰ : সত্যনাথ বৰাৰ।

৬১) প্ৰশ্ন : হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে?

উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়।

৬২) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?

উত্তৰ : মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।

৬৩) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?

উত্তৰ : গঙ্গাধৰ কায়স্থ।

৬৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?

উত্তৰ : চতুৰ্দশ শতিকাত ৰচিত হেমসৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’।

৬৫) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?

উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)

৬৬) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?

উত্তৰ : হেমচন্দ্ৰ গোস্বামী (প্ৰিয়তমাৰ চিঠি)

৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখন কি?

উত্তৰ : ‘অপদাৰ্থ (নৱকান্ত বৰুৱা ৰচিত)

৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখনৰ সম্পাদিকা কোন আছিল?

উত্তৰ : ১৯২৮ চনত প্ৰকাশিত – ঘৰজেউতি; সম্পাদিকা – কনকলতা চলিহা আৰু কমলালয়া কাকতি।

৬৯) প্ৰশ্ন : গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?

উত্তৰ : কুলেন্দু পাঠক সম্পাদিত ‘জিজ্ঞাস’।

৭০) প্ৰশ্ন : প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?

উত্তৰ : ‘প্ৰভাত’ (১৯১৫ চনত)। যোৰহাট নৰ্মাল স্কুলৰ পৰা।

৭১) প্ৰশ্ন : অসম সাহিত্য সভাৰ মিলেনিয়াৰ (২০০০ চন) প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হয়? অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ : ডিব্ৰুগড়ত; হোমেন বৰগোহাঞি।

ভাৰতীয় সাহিত্য

৭২) প্ৰশ্ন : “সীমাৰ মাঝে অসমী তুমি

বাজাও আপোন সুৰ

আমাৰ মাঝে তোমাৰ প্ৰকাশ

তাই এত মধুৰ”। - এই কবিতাফাঁকি কোন কবিৰ।

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।

৭৩) প্ৰশ্ন : “আইন-ই আকবৰী” কাৰ ৰচনা?

উত্তৰ : অবুল ফজলৰ।

৭৪) প্ৰশ্ন : মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰ : ইণ্ডিয়া উইনছ্‌ ফ্ৰিডম।

৭৫) প্ৰশ্ন : মেঘদূত কি?

উত্তৰ : মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক।

৭৬) প্ৰশ্ন : ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?

উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসু।

৭৭) প্ৰশ্ন : খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?

উত্তৰ : হিব্ৰু ভাষাত

৭৮) প্ৰশ্ন : আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?

উত্তৰ : বেদ।

৭৯) প্ৰশ্ন : “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?

উত্তৰ : নিউ ইণ্ডিয়া নিউজ।

৮০) প্ৰশ্ন : সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?

উত্তৰ : মহাকবি বাল্মীকিয়ে।

৮১) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ : আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)

৮২) প্ৰশ্ন : ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ : “বেংগল গেজেট” (১৭৮০ চনৰ ২৯ জানুৱাৰী)

৮৩) প্ৰশ্ন : বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?

উত্তৰ : কলহনৰ ৰাজ তৰংগিনী।

৮৪) প্ৰশ্ন : কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাতৰত বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে?

উত্তৰ : নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।

৮৫) প্ৰশ্ন : কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?

উত্তৰ : সুচেতা কৃপালনি।
৮৮) প্ৰশ্ন : কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?

উত্তৰ : গীতাঞ্জলি।

See more Click here


Collection from different source

No comments:

Post a Comment

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...