Saturday, September 21, 2019

Questions for TET ASSAM Assamese paper

অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ প্ৰশ্নোত্তৰ:



১)প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

উত্তৰ: বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

২)প্ৰাকৃত ভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

৩)আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায়?


উত্তৰ: অশোকৰ শিলালিপিত।

৪)অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

উত্তৰ: আৰ্য।

৫)অসমীয়া ভাষাই ৰূপ পায় কেতিয়া?

উত্তৰ: দশম-একাদশ শতিকাত।

৬)অসমীয়া ভাষাত প্ৰভাব পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

উত্তৰ: তিব্বত বৰ্মী।

৭)আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?

উত্তৰ: নৰকাসুৰ।

৮)অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন?

উত্তৰ: নৰকাসুৰ।

৯)ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

১০)মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল-

উত্তৰ: পালি ভাষা।

১১)অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি?

উত্তৰ: কীতিলতা।

১২)সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়?

উত্তৰ: চৰ্যাপদ।

১৩)প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা?

উত্তৰ: চাৰিটা।

১৪)তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।

উত্তৰ: বুৰঞ্জীৰ পৰা।

১৫)কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?

উত্তৰ: দশম শতিকাত।

১৬)কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?

উত্তৰ: বিহাৰৰ পূৰ্ণিয়া জিলা।


১৭)উপভাষা কাক বোলে?

উত্তৰ: ভাষাৰ আঞ্চলিক ৰূপক।

১৮)ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এট উপাদান হ’ল-

উত্তৰ: যাতায়তৰ সুবিধা।


১৯)মান্য ভাষাৰ সৃষ্টি হয়-

উত্তৰ: উপভাষাৰ পৰা।

২০)উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্যভাষা হ’ল-

উত্তৰ: অসমীয়া।

২১) উপভাষা এটাই মান্য ভাষাৰ স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ’ল-

উত্তৰ: বাতৰি কাকত।

২২)সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

উত্তৰ: অসমীয়া।

২৩)শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপ।

২৪)অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

উত্তৰ: কামৰূপী।

২৫)আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

উত্তৰ: শিৱসাগৰ।

২৬) কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

উত্তৰ: সোতৰ শতিকাৰ পিছত।

২৭)প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা?

উত্তৰ: চাৰিটা।

২৮)প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা

উত্তৰ: পশ্চিম বংগৰ উপভাষা।

২৯)অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন?

উত্তৰ: হিউৱেনচাং।

৩০)চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

উত্তৰ: ধ্বনিতত্ত্ব।

৩১)চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ’ল-

উত্তৰ: মোলান।

৩২)মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰ: ৰামায়ণ।

৩৩)অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি?

উত্তৰ: কৃষ্ণ কীৰ্ত্তন।

৩৪)মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যিৰ উল্লেখযোগ্য নিদৰ্শন কি?

উত্তৰ: বুৰঞ্জী সাহিত্য।

৩৫)বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপী উপভাষা।


More info subscribed or follow this blog

No comments:

Post a Comment

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...