Friday, September 27, 2019

NRCৰ পৰা বাদ পৰা লোকসকলে ভোট দিব পাৰিবনে? নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত


NRCৰ পৰা বাদ পৰা লোকসকলে ভোট দিব পাৰিবনে? নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত




২০ আগষ্টত ‘NRCত নাম নথকা মানেই বিদেশী নহয়’ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰা ঘোষণাৰ পিছত নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা লোকসকলক ঘোষণা কৰা নহয় ‘ডি’ ভোটাৰ হিচাপে। তেওঁলোকৰ থাকিব ভোট দিয়াৰ অধিকাৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা নহয় সেই লোকসকলৰ। ভাৰতীয় নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত। ভোটাৰ তালিকাত নাম থকা কিন্তু NRCৰ পৰা বাহিৰ হোৱাসকলে পূৰ্বৰ দৰেই ভোটাধিকাৰ সাব্যস্ত কৰি পাৰিব।

অৱশ্যে ১.২ লাখ ‘ডি’ ভোটাৰৰ স্থিতি পূৰ্বৰ দৰেই বাহাল থাকিব। বিদেশী ন্যায়াধিকৰণে তেওঁলোকৰ সপক্ষে ৰায় নিদিয়ালৈকে তেওঁলোক সন্দেহযুক্ত ভোটাৰেই হৈ থাকিব। ২০ আগষ্টত ‘NRCত নাম নথকা মানেই বিদেশী নহয়’ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰা ঘোষণাৰ পিছত নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত। কেন্দ্ৰৰ এই ঘোষণাৰ পিছত স্বাভাৱিকতে নিৰ্বাচন আয়োগে নিজাববীয়াকৈ নাম কৰ্তন নকৰে বুলি সূত্ৰত প্ৰকাশ।

No comments:

Post a Comment

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...