Monday, November 18, 2019

বিপৰীতাৰ্থক অৰ্থ বুজোৱা শব্দ

বিপৰীতাৰ্থক অৰ্থ বুজোঁৱা শব্দ


আকাশ – পাতাল ৷
২. আকাৰ – নিৰাকাৰ ৷
৩. অধীন – মুক্ত, স্বাধীন ৷
৪. অতিবৃষ্টি – অনাবৃষ্টি ৷
৫. অলপ – বেছি ৷
৬. অমৃত – গৰল ৷
৭.অভ্যাস – অনভ্যাস ৷
৮. অভাৱ – উভৈনদী ৷
৯. অনুৰাগ – বিৰাগ ৷
১০. অনুকূল – প্ৰতিকূল ৷
১১. অধম – উত্তম ৷
১২.আচল – নকল ৷
১৩. আচাৰ – অনাচাৰ ৷
১৪. আগ –পাছ ৷
১৫. আপদ – বিপদ ৷
১৬. আপোন – পৰ ৷
১৭. আধুনিক – প্ৰাচীন ৷
১৮. আন্ধাৰ – পোহৰ ৷
১৯. আনন্দ – বিষাদ ৷
২০. আৱাহন – বিসৰ্জন ৷
২১. আনন্দ – বিষাদ, নিৰানন্দ ৷
২২. আহাৰ – অনাহাৰ ৷
২৩. আৰম্ভ – সমাপ্ত ৷
২৪. আশা – নিৰাশা ৷
২৫. আশীৰ্বাদ – অভিশাপ ৷
২৬. অগমন – প্ৰত্যাগমন ৷
২৭. আগ – পাছ ৷
২৮. আচাৰ – অনাচাৰ ৷
২৯. অভ্যাস – অনভ্যাস ৷
৩০. আয় – ব্যয় ৷
৩১. আয়তী – বিধবা ৷
৩২. আস্থা – অনাস্থা ৷
৩৩. আস্তিক – নাস্তিক ৷
৩৪. আদি – অন্ত ৷
৩৫. আপোচ – বিৰোধ ৷
৩৬. আকৰ্ষণ – বিকৰ্ষণ ৷
৩৭.আৰোহন – অৱৰোহন ৷
৩৮. আৱশ্যক – অনাৱশ্যক ৷
৩৯. ইচ্ছা – অনিচ্ছা ৷
৪০. ইয়াত – তাত ৷
৪১. ইহলোক – পৰলোক ৷
৪২. ইহজন্ম – পৰজন্ম ৷
৪৩. উচ্চ – নীচ ৷
৪৪. উত্তম – অধম ৷
৪৫. উত্তৰ – প্ৰশ্ন, প্ৰত্যুত্তৰ ৷
৪৬.উন্নতি – অৱনতি ৷
৪৭. উথ্থান – পতন ৷
৪৮. উপকাৰ – অপকাৰ ৷
৪৯. উত্তীৰ্ণ – অনুত্তীৰ্ণ ৷
৫০. উপযুক্ত – অনুপযুক্ত ৷
৫১. উদয় – অস্ত ৷
৫২. উৰ্বৰ – অনুৰ্বৰ ৷
৫৩. উপস্থিত – অনুপস্থিত ৷
৫৪. উন্নত – অনুন্নত ৷
৫৫. উৎসাহ – নিৰুৎসাহ ৷
৫৬. ঊৰ্ধ্ব – অধ: ৷
৫৭. ওখ – চাপৰ ৷
৫৮. ওচৰত – দূৰত ৷
৫৯. ওপৰত – তলত ৷
৬০. ক’লা – বগা ৷
৬১. কঠিন – কোমল ৷
৬২. কপট – অকপট ৷
৬৩. কনিষ্ঠ – জ্যেষ্ঠ ৷
৬৪. কুটিল – সৰল ৷
৬৭. কৃত্ৰিম – অকৃত্ৰিম ৷
৬৮. খাদ্য – অখাদ্য ৷
৬৯. খাল – বাম ৷
৭০. খীন – শকত ৷
৭১. খোলা – বন্ধ ৷
৭২. গুণ – দোষ ৷
৭৩. গুৰু – শিষ্য ৷
৭৪. গধুৰ – পাতল ৷
৭৫. গহীন – চঞ্চল ৷
৭৬. গমন – আগমন ৷
৭৭. গাঁও – নগৰ ৷
৭৮. গোপন – প্ৰকাশ ৷
৭৯. ঘৰচীয়া – বনৰীয়া ৷
৮০. ঘাত – প্ৰতিঘাত ৷
৮১. চেঁচা – গৰম ৷
৮২. চেতন – অচেতন ৷
৮৩. চিনাকি - অচিনাকি ৷
৮৪. চহকী – দুখীয়া ৷
৮৫. চঞ্চল – স্থিৰ ৷
৮৬. জটিল – সৰল ৷
৮৭. জনা – নজনা ৷
৮৮. জয় – পৰাজয় ৷
৮৯. জন্ম – মৃত্যু ৷
৯০. জাৰ – জহ ৷
৯১. জীৱন – মৰণ ৷
৯২. জ্ঞানী – অজ্ঞানী ৷
৯৩. টোপনি – উজাগৰ ৷
৯৪. ডাঠ – পাতল ৷
৯৫. ডেকা – বুঢ়া ৷
৯৬. ডাঙৰ – সৰু ৷
৯৭. তৰুণ – বৃদ্ধ ৷
৯৮. তিৰস্কাৰ – পুৰস্কাৰ ৷
৯৯. তপত – চেঁচা ৷
১০০. তাপ – শীতল ৷
- দান – প্ৰতিদান ৷
- দৃশ্য – অদৃশ্য ৷
- দিন – ৰাতি ৷
- দক্ষিণ – বাওঁ, উত্তৰ ৷
- দয়ালু – নিষ্ঠুৰ ৷
- দাতা – কৃপণ ৷
- দীৰ্ঘ – হ্ৰস্ব ৷
- দীঘল – চুটি ৷
- দীঘ – বাণি ৷
- দেৱতা – অসুৰ ৷
- দ্ৰুত – মন্থৰ ৷
- ধনী – দুখীয়া ৷
- ধৰ্ম – অধৰ্ম ৷
- ধাৰ্মিক – অধাৰ্মিক ৷
- নতুন – পুৰণি ৷
- নিৰ্ভীক – ভীৰু ৷
- নিৰ্মল – মলিন ৷
- নিৰাকাৰ – সাকাৰ ৷
- নিৰাপদ – বিপদজনক ৷
- নিৰ্দোষী – দোষী ৷
- নিত্য – অনিত্য ৷
- ন্যায় – অন্যায় ৷
- পণ্ডিত – মূৰ্খ ৷
- পৰিশ্ৰমী – এলেহুৱা ৷
- পৰিস্কাৰ – অপৰিস্কাৰ ৷
- পবিত্ৰ – অপবিত্ৰ ৷
- পুণ্য – পাপ ৷
- পৰিমিত – অপৰিমিত ৷
- প্ৰভু – ভৃত্য ৷
- পুৱা – গধূলি ৷
- পূৱ – পশ্চিম ৷
- প্ৰাচ্য – পাশ্চাত্য ৷
- প্ৰাচীন – অৰ্বাচীন, নবীন ৷
- প্ৰবেশ – প্ৰস্থান ৷
- প্ৰবৃত্তি – নিবৃত্তি ৷
- প্ৰকৃত – কাল্পনিক ৷
- প্ৰতেক্ষ – পৰোক্ষ ৷
- প্ৰশ্ন – উত্তৰ ৷
- প্ৰকাশ – অপ্ৰকাশ , গোপন ৷
- প্ৰেৰণা – নিৰুৎসাহ ৷
- বিধি – নিষেধ ৷
- বাদী – বিবাদী, প্ৰতিবাদী ৷
- ব্যৰ্থ – সাৰ্থক ৷
- বন্ধু – শত্ৰু ৷
- বাদ –প্ৰতিবাদ ৷
- বিষ – অমৃত ৷
- বিস্তৃত – সংক্ষিপ্ত ৷
- বিনীত – গৰ্বিত ৷
- বগা – ক’লা ৷
- বিশ্বাসী – বিশ্বাসঘাতক ৷
- বিদ্যা – অবিদ্যা ৷
- বিৰহ – মিলন ৷
- বিনয় – গৰ্ব ৷
- বৈধ – অবৈধ ৷
- ভাল – বেয়া ৷
- ভক্তি – ঘৃণা ৷
- মান – অপমান ৷
- মানুহ – পিশাচ, পশু ৷
- মিলন – বিৰহ ৷
- মিত্ৰ – শত্ৰু ৷
- মুখ্য – গৌণ ৷
- মিঠা – তিতা ৷
- মৃদু – তীব্ৰ ৷
- যত্ন – অযত্ন, আওকাণ ৷
- যশ – অপযশ ৷
- যোগ – বিয়োগ ৷
- ৰূদ্ধ – মুক্ত ৷
- ৰজা – প্ৰজা ৷
- ৰোগী – নিৰোগী ৷
- লঘু – গুৰু ৷
- লাভ – লোকচান, ক্ষতি ৷
- লোভ – উদাস, নিৰ্লোভ ৷
- শীত – গ্ৰীষ্ম ৷
- শুকান – তিতা ৷
- শোক – আনন্দ ৷
- শিষ্ট – অশিষ্ট ৷
- শুভ – অশুভ ৷
- সভ্য – অসভ্য ৷
- সহ্য – অসহ্য ৷
- সৎ - অসৎ ৷
- সহযোগ – অসহযোগ ৷
- সঁচা – মিছা ৷
- সুখ্যাত – কুখ্যাত, অখ্যাত ৷
- সুখ্যাতি – কুখ্যাতি, অখ্যাতি ৷
- স্বাধীন – পৰাধীন ৷
- সৰল – জটিল ৷
- সাধু – অসাধু ৷
- সজীৱ – নিৰ্জীৱ ৷
- সশ্ৰম – বিনাশ্ৰম ৷
- সঞ্চয় – অপচয় ৷
- সন্মান – অসন্মান ৷
- সধৱা – বিধৱা ৷
- সদয় – নিৰ্দয় ৷
- সংযোগ – বিয়োগ ৷
- স্পষ্ট – অস্পষ্ট ৷
- স্বৰ্গ – নৰক, মৰ্ত ৷
- স্থাৱৰ – অস্থাৱৰ ৷
- সুলভ – দুৰ্লভ ৷
- সুশ্ৰী – কুশ্ৰী, বিশ্ৰী ৷
- সুগন্ধ – দুৰ্গন্ধ ৷
- সৃষ্টি – প্ৰলয়, ধ্বংস ৷
- স্থিৰ – অস্থিৰ ৷
- হৰ্ষ – বিষাদ ৷
- হ্ৰাস – বৃদ্ধি ৷
- হৰণ – পূৰণ ৷
- হিংসা – অহিংসা ৷
- স্থূল – সূক্ষ্ম ৷
- ক্ষুদ্ৰ – বৃহৎ ৷
- ক্ষমা – প্ৰতিশোধ ৷

SOP for Education department of Assam w.e.f 1st January,2021

SOP for Re-opening of schools from LP to University level w.e.f 1st January,2021 ...